অধ্যায় ০২ তুলসীদাস

তুলসীদাস

খ্ৰীঃ ১৫৩২-১৬২৩

তুলসীদাসৰ জন্ম উত্তৰ প্ৰদেশৰ বান্দা জিলাৰ ৰাজাপুৰ গাঁৱত খ্ৰীঃ ১৫৩২ চনত হৈছিল। কিছুমান বিদ্বানে তেওঁৰ জন্মস্থান সোৰোঁ (জিলা-এটা) বুলিও মানে। তুলসীৰ শিশুকাল বহুত সংঘৰ্ষপূৰ্ণ আছিল। জীৱনৰ প্ৰাৰম্ভিক বছৰবোৰতে মাতৃ-পিতৃৰ পৰা তেওঁৰ বিচ্ছেদ হৈ গৈছিল। কোৱা হয় যে গুৰুকৃপাৰ দ্বাৰা তেওঁ ৰামভক্তিৰ পথ পাইছিল। তেওঁ মানৱ-মূল্যবোধৰ উপাসক কবি আছিল। ৰামভক্তি পৰম্পৰাত তুলসী অতুলনীয়। ৰামচৰিতমানস কবিৰ একান্ত ৰামভক্তি আৰু তেওঁৰ সৃষ্টিশীল নৈপুণ্যৰ মনোৰম উদাহৰণ। তেওঁৰ ৰাম মানৱীয় মৰ্যাদা আৰু আদৰ্শৰ প্ৰতীক যাৰ মাজেৰে তুলসীয়ে নীতি, স্নেহ, শীল, বিনয়, ত্যাগ আদি উদাত্ত আদৰ্শবোৰ প্ৰতিষ্ঠা কৰিছিল। ৰামচৰিতমানস উত্তৰ ভাৰতৰ জনতাৰ মাজত বহুত জনপ্ৰিয়। মানসৰ বাহিৰেও কবিতাবলী, গীতাবলী, দোহাবলী, কৃষ্ণগীতাবলী, বিনয়পত্ৰিকা আদি তেওঁৰ প্ৰধান ৰচনা। অৱধী আৰু ব্ৰজ দুয়োটা ভাষাত তেওঁৰ সমান অধিকাৰ আছিল। খ্ৰীঃ ১৬২৩ চনত কাশীত তেওঁৰ দেহাৱসান হৈছিল।

তুলসীয়ে ৰামচৰিতমানসৰ ৰচনা অৱধী ভাষাত আৰু বিনয়পত্ৰিকা আৰু কবিতাবলীৰ ৰচনা ব্ৰজভাষাত কৰিছিল। সেই সময়ত প্ৰচলিত সকলো কাব্য ৰূপ তুলসীৰ ৰচনাত দেখা পোৱা যায়। ৰামচৰিতমানসৰ মুখ্য ছন্দ চৌপাই আৰু মাজে মাজে দোহা, সোৰঠা, হৰিগীতিকা আৰু অন্যান্য ছন্দ সুমুৱাই দিয়া হৈছে। বিনয়পত্ৰিকাৰ ৰচনা গেয় পদত হৈছে। কবিতাবলীত সৱৈয়া আৰু কবিত্ত ছন্দৰ শোভা দেখা পোৱা যায়। তেওঁৰ ৰচনাত প্ৰবন্ধ আৰু মুক্তক দুয়ো প্ৰকাৰৰ কাব্যৰ উৎকৃষ্ট ৰূপ আছে।


এই অংশ ৰামচৰিতমানসৰ বাল কাণ্ডৰ পৰা লোৱা হৈছে। সীতা স্বয়ম্বৰত ৰামৰ দ্বাৰা শিৱ-ধনু ভঙ্গ কৰাৰ পিছত মুনি পৰশুৰামক যেতিয়া এই বাৰ্তা পালে তেতিয়া তেওঁ ক্ৰোধিত হৈ তালৈ আহে। শিৱ-ধনু খণ্ডিত দেখি তেওঁ আপোনা-আপুনি হেৰাই যায়। ৰামৰ বিনয় আৰু বিশ্বামিত্ৰৰ বুজনিত আৰু ৰামৰ শক্তিৰ পৰীক্ষা লৈ শেষত তেওঁৰ খং শান্ত হয়। ইয়াৰ মাজেৰে ৰাম, লক্ষ্মণ আৰু পৰশুৰামৰ মাজত হোৱা সংবাদৰ প্ৰসংগ ইয়াত দিয়া হৈছে। পৰশুৰামৰ ক্ৰোধপূৰ্ণ বাক্যৰ উত্তৰ লক্ষ্মণে ব্যাঙ্গ্য বচনেৰে দিয়ে। এই প্ৰসংগৰ বৈশিষ্ট্য হৈছে লক্ষ্মণৰ বীৰ ৰসেৰে পৰিপূৰ্ণ ব্যাঙ্গ্যোক্তি আৰু ব্যঞ্জনা শৈলীৰ সৰস অভিব্যক্তি।


ৰাম-লক্ষ্মণ-পৰশুৰাম সংবাদ


নাথ সংভুধনু ভঞ্জনিহাৰা। হোইহি কেউ এক দাস তুম্হাৰা।।
আয়েসু কাহ কহিঅ কিন মোহী। সুনি ৰিসাই বোলে মুনি কোহী।।
সেৱকু সো জো কৰৈ সেৱকাই। অৰিকৰণী কৰি কৰিঅ লৰাই।।
সুুনু ৰাম জেহি সিৱধনু তোৰা। সহসবাহু সম সো ৰিপু মোৰা।।
সো বিলগাউ বিহাই সমাজা। ন ত মাৰে জৈহহিং সব ৰাজা।।
সুনি মুনিবচন লখন মুসুকানে। বোলে পৰসুধৰহি অৱমানে।।
বহু ধনুহী তোৰি লৰিকাইং। কবহুঁ ন অসি ৰিস কীন্হি গোসাইং।।
য়েহি ধনু পৰ মমতা কেহি হেতূ। সুনি ৰিসাই কহ ভৃগুকুলকেতূ।।

ৰে নৃপবালক কালবস বোলত তোহি ন সংভাৰ।
ধনুহী সম ত্ৰিপুৰাৰিধনু বিদিত সকল সংসাৰ।।

লখন কহা হসি হমৰে জানা। সুনহু দেৱ সব ধনুষ সমানা।।
কা ছতি লাভু জূন ধনু তোৰেঁ। দেখা ৰাম নয়ন কে ভোৰেঁ।।
ছুঅত টূট ৰঘুপতিহু ন দোসূ। মুনি বিনু কাজ কৰিঅ কত ৰোসূ।।
বোলে চিতৈ পৰসু কী ওৰা। ৰে সঠ সুনেহি সুভাউ ন মোৰা।।
বালকু বোলি বধৌং নহি তোহী। কেৱল মুনি জড় জানহি মোহী।।
বাল ব্ৰহ্মচাৰী অতি কোহী। বিস্ববিদিত ক্ষত্ৰিয়কুল দ্ৰোহী।।
ভুজবল ভূমি ভূপ বিনু কীন্হী। বিপুল বাৰ মহিদেৱন্হ দীন্হী।।
সহসবাহুভুজ ছেদনিহাৰা। পৰসু বিলোকু মহীপকুমাৰা।।

মাতু পিতহি জনি সোচবস কৰসি মহীসকিসোৰ।
গৰ্ভন্হ কে অৰ্ভক দলন পৰসু মোৰ অতি ঘোৰ।।

বিহসি লখনু বোলে মৃদু বানী। অহো মুনীসু মহাভট মানী।।
পুনি পুনি মোহি দেখাৱ কুঠাৰু। চহত উড়াৱন ফুঁকি পহাৰূ।।
ইহাঁ কুম্হড়বতিয়া কৌ নাহীং। জে তৰজনী দেখি মৰি জাহীং।।
দেখি কুঠাৰু সৰাসন বানা। মৈং কছু কহা সহিত অভিমানা।।
ভৃগুসুত সমুঝি জনেউ বিলোকী। জো কছু কহহু সহৌং ৰিস ৰোকী।।
সুৰ মহিসুৰ হৰিজন অৰু গাই। হমৰে কুল ইন্হ পৰ ন সুরাই।।
বধেঁ পাপু অপকীৰতি হাৰেঁ। মাৰতহূ পা পৰিঅ তুম্হাৰেঁ।
কোটি কুলিস সম বচনু তুম্হাৰা। ব্যৰ্থ ধৰহু ধনু বান কুঠাৰা।।

জো বিলোকি অনুচিত কহেউঁ ছমহু মহামুনি ধীৰ।
সুনি সৰোষ ভৃগুবংশমনি বোলে গিৰা গম্ভীৰ।।

প্ৰশ্ন-অভ্যাস

1. পৰশুৰামৰ ক্ৰোধ কৰাত লক্ষ্মণে ধনু ভগাৰ বাবে কি কি যুক্তি দিছিল?

2. পৰশুৰামৰ ক্ৰোধ কৰাত ৰাম আৰু লক্ষ্মণৰ যি প্ৰতিক্ৰিয়া হৈছিল তাৰ আধাৰত দুয়োৰে স্বভাৱৰ বৈশিষ্ট্য নিজৰ শব্দত লিখা।

3. লক্ষ্মণ আৰু পৰশুৰামৰ সংবাদৰ যি অংশ আপোনাৰ সবাতোকৈ ভাল লাগিল সেই অংশ নিজৰ শব্দত সংবাদ শৈলীত লিখা।

4. পৰশুৰামে নিজৰ বিষয়ে সভাত কি কি কৈছিল, তলৰ পদ্যাংশৰ আধাৰত লিখা-

বাল ব্ৰহ্মচাৰী অতি কোহী। বিস্ববিদিত ক্ষত্ৰিয়কুল দ্ৰোহী।।
ভুজবল ভূমি ভূপ বিনু কীন্হী। বিপুল বাৰ মহিদেৱন্হ দীন্হী।।
সহসবাহুভুজ ছেদনিহাৰা। পৰসু বিলোকু মহীপকুমাৰা।।

মাতু পিতহি জনি সোচবস কৰসি মহীসকিসোৰ।
গৰ্ভন্হ কে অৰ্ভক দলন পৰসু মোৰ অতি ঘোৰ।।

5. লক্ষ্মণে বীৰ যোদ্ধাৰ কি কি বৈশিষ্ট্য কৈছিল?

6. সাহস আৰু শক্তিৰ লগত বিনয় থাকিলে বেয়া নহয়। এই উক্তিত আপোনাৰ মতামত লিখা।

7. ভাৱ স্পষ্ট কৰা-

(ক) বিহসি লখনু বোলে মৃদু বানী। অহো মুনীসু মহাভট মানী।।
পুনি পুনি মোহি দেখাৱ কুঠাৰূ। চহত উড়াৱন ফুঁকি পহাৰূ।।

(খ) ইহাঁ কুম্হড়বতিয়া কৌ নাহীং। জে তৰজনী দেখি মৰি জাহীং।।
দেখি কুঠাৰু সৰাসন বানা। মৈং কছু কহা সহিত অভিমানা।।

8. পাঠৰ আধাৰত তুলসীৰ ভাষা সৌন্দৰ্যৰ বিষয়ে দহ শাৰী লিখা।

9. এই গোটেই প্ৰসংগত ব্যাঙ্গ্যৰ এক অনন্য সৌন্দৰ্য আছে। উদাহৰণসহ স্পষ্ট কৰা।

10. তলত দিয়া শাৰীবোৰত ব্যৱহৃত অলংকাৰ চিনাক্ত কৰি লিখা-

(ক) বালকু বোলি বধৌং নহি তোহী।

(খ) কোটি কুলিস সম বচনু তুম্হাৰা।

ৰচনা আৰু অভিব্যক্তি

11. “সামাজিক জীৱনত ক্ৰোধৰ প্ৰয়োজন সদায় পৰে। যদি ক্ৰোধ নাথাকিলে মানুহে আনৰ দ্বাৰা পোৱা বহুতো কষ্টৰ চিৰ-নিবৃত্তিৰ উপায়েই নকৰিব পাৰে।”

আচাৰ্য ৰামচন্দ্ৰ শুক্লৰ এই উক্তিয়ে এই কথাৰ পোষকতা কৰে যে ক্ৰোধ সদায় নেতিবাচক ভাৱ লৈ নাথাকে বৰঞ্চ কেতিয়াবা ইতিবাচকো হয়। ইয়াৰ পক্ষ বা বিপক্ষত আপোনাৰ মত প্ৰকাশ কৰা।

12. আপোনাৰ কোনো চিনাকি বা বন্ধুৰ স্বভাৱৰ বৈশিষ্ট্য লিখা।

13. আনৰ সামৰ্থ্যক কম নাভাবিব লাগে-এই শিৰোনাক মনত ৰাখি এখন কাহিনী লিখা।

14. সেই ঘটনাবোৰ মনত পেলাই লিখা যেতিয়া আপুনি অন্যায়ৰ প্ৰতিহাৰ কৰিছিল।

15. অৱধী ভাষা আজি কি কি অঞ্চলত কোৱা হয়?

পাঠেতৰ সক্ৰিয়তা

  • তুলসীৰ অন্যান্য ৰচনা পুথিভঁৰালৰ পৰা লৈ পঢ়া।

  • দোহা আৰু চৌপাইৰ পাঠৰ এক পৰম্পৰাগত ধৰণ আছে। লয় সহিত ইহঁতৰ পাঠৰ অভ্যাস কৰা।

  • কেতিয়াবা আপুনি পৰম্পৰাগত ৰামলীলা বা ৰামকথাৰ নাট্য প্ৰদৰ্শন চাবলৈ সুযোগ পাইছিল হয়তো সেই অভিজ্ঞতা নিজৰ শব্দত লিখা।

  • এই প্ৰসংগৰ নাট্য প্ৰদৰ্শন কৰা।

  • কোহী, কুলিস, -এই শব্দবোৰৰ বিষয়ে শব্দকোষত দিয়া বিভিন্ন তথ্য সংগ্ৰহ কৰা।

শব্দ-সম্পদ

ভঞ্জনিহাৰা - ভংগ কৰোঁতা, ভাঙোঁতা
ৰিসাই - ক্ৰোধ কৰা
ৰিপু - শত্ৰু
বিলগাউ - বেলেগ হোৱা
অৱমানে - অপমান কৰা
লৰিকাইং - শৈশৱত
পৰসু - ফৰচা, কুঠাৰৰ দৰে এবৰ অস্ত্ৰ (এইয়ে পৰশুৰামৰ প্ৰধান অস্ত্ৰ আছিল)
কোহী - ক্ৰোধী
মহিদেৱ - ব্ৰাহ্মণ
বিলোক - দেখি
অৰ্ভক - শিশু
মহাভট - মহান যোদ্ধা
মহী - পৃথিৱী
কুঠাৰু - কুঠাৰ
কুম্হড়বতিয়া - বহুত দুৰ্বল, নিৰ্বল ব্যক্তি, কুমড়াৰ সৰু ফল
তৰজনী - বুঢ়া আঙুলিৰ ওচৰৰ আঙুলি
কুলিস - কঠোৰ
সৰোষ - ক্ৰোধ সহিত

ইয়াও জানিবা

দোহা - দোহা এক জনপ্ৰিয় মাত্ৰিক ছন্দ যাৰ প্ৰথম আৰু তৃতীয় শাৰীত ১৩-১৩টা মাত্ৰা থাকে আৰু দ্বিতীয় আৰু চতুৰ্থ শাৰীত ১১-১১টা মাত্ৰা।

চৌপাই - মাত্ৰিক ছন্দ চৌপাই চাৰি শাৰীৰ হয় আৰু ইয়াৰ প্ৰতিটো শাৰীত ১৬টা মাত্ৰা থাকে।

তুলসীৰ আগতে চুফী কবিসকলে অৱধী ভাষাত দোহা-চৌপাই ছন্দৰ ব্যৱহাৰ কৰিছিল যাৰ মাজত মালিক মহম্মদ জায়চীৰ পদ্মাৱত উল্লেখযোগ্য।

পৰশুৰাম আৰু সহস্ৰবাহুৰ কাহিনী

পাঠত ‘সহসবাহু সম সো ৰিপু মোৰা’ৰ কেইবাবাৰো উল্লেখ আহিছে। পৰশুৰাম আৰু সহস্ৰবাহুৰ বৈৰীৰ বহুতো কাহিনী প্ৰচলিত। মহাভাৰতৰ মতে এই কাহিনী এইদৰে-

পৰশুৰাম ঋষি জমদগ্নিৰ পুত্ৰ আছিল। এবাৰ ৰাজা কাৰ্তবীৰ্য সহস্ৰবাহু চিকাৰ খেলি জমদগ্নিৰ আশ্ৰমলৈ আহিছিল। জমদগ্নিৰ ওচৰত কামধেনু গাই আছিল যি বিশেষ গাই আছিল, কোৱা হয় সি সকলো কামনা পূৰণ কৰিছিল। কাৰ্তবীৰ্য সহস্ৰবাহুৱে ঋষি জমদগ্নিৰ পৰা কামধেনু গাইৰ মাগনি কৰিছিল। ঋষিৰ দ্বাৰা নাকচ কৰাত সহস্ৰবাহুৱে কামধেনু গাই বলপূৰ্বক অপহৰণ কৰি লৈ গৈছিল। ইয়াত ক্ৰোধিত হৈ পৰশুৰামে সহস্ৰবাহুৰ বধ কৰিছিল। এই কাৰ্যৰ ঋষি জমদগ্নিয়ে বহুত নিন্দা কৰিছিল আৰু পৰশুৰামক প্ৰায়শ্চিত কৰিবলৈ কৈছিল। আনহাতে সহস্ৰবাহুৰ পুত্ৰসকলে খঙত আহি ঋষি জমদগ্নিৰ বধ কৰিছিল। ইয়াত পুনৰ ক্ৰোধিত হৈ পৰশুৰামে পৃথিৱীক ক্ষত্ৰিয়বিহীন কৰাৰ প্ৰতিজ্ঞা কৰিছিল।