অধ্যায় 07 দোহা
ৰহীম (১৫৫৬-১৬২৬)
ৰহীমৰ জন্ম লাহোৰত (বৰ্তমান পাকিস্তান) ১৫৫৬ চনত হৈছিল। তেওঁৰ সম্পূৰ্ণ নাম আছিল আব্দুৰৰহীম খানখানা। ৰহীম আছিল আৰবী, ফাৰ্চী, সংস্কৃত আৰু হিন্দী ভাষাৰ পাৰদৰ্শী। তেওঁৰ নীতিমূলক উক্তিবোৰত সংস্কৃত কবিসকলৰ স্পষ্ট ছাপ পৰিলক্ষিত হয়। ৰহীমক মধ্যযুগীয় দৰবাৰী সংস্কৃতিৰ প্ৰতিনিধি কবি বুলি গণ্য কৰা হয়। আকবৰৰ দৰবাৰত হিন্দী কবিসকলৰ মাজত তেওঁৰ এক গুৰুত্বপূৰ্ণ স্থান আছিল। ৰহীম আছিল আকবৰৰ নৱৰত্নৰ অন্যতম।
ৰহীমৰ কবিতাৰ মূল বিষয় আছিল শৃংগাৰ, নীতি আৰু ভক্তি। ৰহীম আছিল অতি জনপ্ৰিয় কবি। তেওঁৰ দোহাবোৰ সাধাৰণ মানুহৰ সহজে মনত ৰৈ যায়। তেওঁৰ নীতিমূলক দোহাবোৰ অধিক প্ৰচলিত, য’ত দৈনন্দিন জীৱনৰ দৃষ্টান্ত দি কবিয়ে সেইবোৰ সহজ, সৰল আৰু বোধগম্য কৰি তুলিছে। ৰহীমৰ অৱধী আৰু ব্ৰজ দুয়োটা ভাষাত সমান অধিকাৰ আছিল। তেওঁ নিজৰ কবিতাত প্ৰভাৱশালী ভাষাৰ ব্যৱহাৰ কৰিছে।
ৰহীমৰ প্ৰধান ৰচনাসমূহ হ’ল : ৰহীম সতসঈ, শৃংগাৰ সতসঈ, মদনাষ্টক, ৰাস পঞ্চাধ্যায়ী, ৰহীম ৰত্নাৱলী, বৰৱৈ, ভাষিক ভেদৱৰ্ণন। এই সকলোবোৰ ৰচনা ‘ৰহীম গ্ৰন্থাৱলী’ত সংকলিত হৈছে।
প্ৰস্তুত পাঠত ৰহীমৰ নীতিমূলক দোহাবোৰ দিয়া হৈছে। এই দোহাবোৰে য’ত একফালে পাঠকক আনৰ সৈতে কেনে ব্যৱহাৰ কৰিব লাগে, তাৰ শিক্ষা দিয়ে, তেনেকৈ মানৱ মাত্ৰক কৰণীয় আৰু অকৰণীয় আচৰণৰো উপদেশ দিয়ে। এইবোৰ এবাৰ পঢ়ি পেলোৱাৰ পিছত পাহৰি যোৱা সম্ভৱ নহয় আৰু সেইবোৰ অৱস্থাৰ সন্মুখীন হ’লেই এইবোৰ মনত পৰাটো স্বাভাৱিক, যিবোৰৰ ইয়াত চিত্ৰণ আছে।
দোহা
ৰহিমন ধাগা প্ৰেম কো, মত তোড়ো চটকায়। টুটে সে ফিৰ না মিলে, মিলে গাঁঠ পৰি যায়।।
ৰহিমন নিজ মন কি বিথা, মন হি ৰাখো গোয়। সুনি অঠিলৈলৈং লোক সব, বাঁটি ন লৈহৈং কয়।।
একৈ সাধে সব সধৈ, সব সাধে সব যায়। ৰহিমন মূলহিং সিঞ্চিবো, ফুলৈ ফলৈ অঘায়।।
চিত্ৰকূট মে ৰমি ৰহে, ৰহিমন অৱধ-নৰেস। জা পৰ বিপদা পৰত হৈ, সে আৱত ইহ দেশ।।
দীৰঘ দোহা অৰথ কে, আখৰ থোৰে আহিং। জ্যোঁ ৰহীম নট কুণ্ডলী, সিমিটি কূদি চঢ়ি জাহিং।।
ধনি ৰহীম জল পঙ্ক কো লঘু জিয় পিয়ত অঘায়। উদধি বড়াই কৌন হৈ, জগত পিয়াসো যায়।।
নাদ ৰীঝি তন দেত মৃগ, নৰ ধন হেত সমেত। তে ৰহীম পশু সে অধিক, ৰীঝেহু কছু ন দেত।।
বিগৰী বাত বনৈ নহিং, লাখ কৰৌ কিন কয়। ৰহিমন ফাটে দুধ কো, মথে ন মাখন হয়।।
ৰহিমন দেখি বড়েন কো, লঘু ন দীজিয়ে ডাৰি। জহাঁ কাম আৱে সুই, কহা কৰে তৰৱাৰি।।
ৰহিমন নিজ সম্পতি বিনা, কৌ ন বিপতি সহায়। বিনু পানী জ্যোঁ জলজ কো, নহিং ৰৱি সকে বচায়।।
ৰহিমন পানী ৰাখিয়ে, বিনু পানী সব সূন। পানী গয়ে ন ঊঁৰৈ, মোতি, মানুষ, চূন।।
প্ৰশ্ন-অভ্যাস
1. নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক-
(ক) প্ৰেমৰ সূতা ছিগিলে আগৰ দৰে কিয় নহয়?
(খ) আমি আমাৰ দুখ আনৰ ওচৰত কিয় প্ৰকাশ কৰিব নালাগে? নিজৰ মনৰ বেদনা আনক ক’লে তেওঁলোকৰ ব্যৱহাৰ কেনে হয়?
(গ) ৰহীমে সাগৰতকৈ পঙ্ক জলক ধন্য কিয় বুলিছে?
(ঘ) এটাক সাধিলে সকলো কেনেকৈ সাধিত হয়?
(ঙ) জলহীন কমলৰ ৰক্ষা সূৰ্যয়ো কিয় কৰিব নোৱাৰে?
(চ) অৱধ নৰেশক চিত্ৰকূটলৈ কিয় যাবলগীয়া হৈছিল?
(ছ) ‘নট’ কোন কলাত সিদ্ধ হোৱাৰ বাবে ওপৰলৈ উঠি যায়?
(জ) ‘মোতি, মানুহ, চূন’ৰ সন্দৰ্ভত পানীৰ গুৰুত্ব স্পষ্ট কৰক।
2. নিম্নলিখিতবোৰৰ ভাৱ স্পষ্ট কৰক-
(ক) টুটে সে ফিৰ না মিলে, মিলে গাঁঠ পৰি যায়।
(খ) সুনি অঠিলৈহৈং লোক সব, বাঁটি ন লৈহৈং কয়।
(গ) ৰহিমন মূলহিং সিঞ্চিবো, ফুলৈ ফলৈ অঘায়।
(ঘ) দীৰঘ দোহা অৰথ কে, আখৰ থোৰে আহিং।
(ঙ) নাদ ৰীঝি তন দেত মৃগ, নৰ ধন হেত সমেত।
(চ) জহাঁ কাম আৱে সুই, কহা কৰে তৰৱাৰি।
(ছ) পানী গয়ে ন ঊঁৰৈ, মোতি, মানুষ, চূন।
3. নিম্নলিখিত ভাৱ পাঠত কোন শাৰীবোৰেৰে প্ৰকাশ কৰা হৈছে
(ক) যিজনৰ ওপৰত বিপদ পৰে সিয়েই এই দেশলৈ আহে।
(খ) কোনোবাই লাখ চেষ্টা কৰিলেও বেয়া হোৱা কথা আকৌ ভাল নহয়।
(গ) পানী নোহোৱাকৈ সকলো খালী, গতিকে পানী ৰাখিবই লাগিব।
- উদাহৰণৰ আধাৰত পাঠত থকা নিম্নলিখিত শব্দবোৰৰ প্ৰচলিত ৰূপ লিখক -
উদাহৰণঃ কয় - কোনোবা, $\qquad$ জে - যি
জ্যোঁ $\qquad$………. কছু $\qquad$……….
নহিং $\qquad$………. কয় $\qquad$……….
ধনি $\qquad$………. আখৰ $\qquad$……….
জিয় $\qquad$………. থোৰে $\qquad$……….
হয় $\qquad$………. মাখন $\qquad$……….
তৰৱাৰি $\qquad$………. সিঞ্চিবো $\qquad$………
মূলহিং $\qquad$………. পিয়ত $\qquad$……….
পিয়াসো $\qquad$………. বিগৰী $\qquad$……….
আৱে $\qquad$………. সহায় $\qquad$……….
ঊঁৰৈ $\qquad$………. বিনু $\qquad$……….
বিথা $\qquad$………. অঠিলৈহৈং $\qquad$……….
পৰিজায় $\qquad$……….
যোগ্যতা-বিস্তাৰ
1. ‘চুৰুঙাৰ ঠাইত তৰোৱালে কাম নিদিয়ে’ আৰু ‘পানী নোহোৱাকৈ সকলো খালী’ এই বিষয়বোৰৰ ওপৰত শ্ৰেণীকোঠাত আলোচনাৰ আয়োজন কৰক।
2. ‘চিত্ৰকূট’ কোন ৰাজ্যত অৱস্থিত, তথ্য সংগ্ৰহ কৰক।
প্ৰকল্প কাৰ্য
নীতি সম্পৰ্কীয় আন কবিসকলৰ দোহা/কবিতা সংগ্ৰহ কৰক আৰু সেই দোহাবোৰ/কবিতাবোৰ চাৰ্টত লিখি ভিত্তি পত্ৰিকাত লগাওক।
শব্দাৰ্থ আৰু টিপ্পনী
| চটকায় | - | চটকাই |
|---|---|---|
| বিথা | - | বেদনা, দুখ, যন্ত্ৰণা |
| গোয় | - | লুকুৱাই |
| অঠিলৈহৈং | - | ইটিং-বিটিং কৰা, ঠাট্টা কৰা |
| সিঞ্চিবো | - | পানী দিয়া, গছত পানী দিয়া |
| অঘায় | - | তৃপ্ত |
| অৰথ (অৰ্থ) | - | অৰ্থ, মানে |
| থোৰে | - | অলপ, কম |
| পঙ্ক | - | পঙ্ক, বোকা |
| উদধি | - | সাগৰ |
| নাদ | - | শব্দ |
| ৰীঝি | - | মোহিত হৈ |
| বিগৰী | - | বেয়া হোৱা |
| ফাটে দুধ | - | ফাটি যোৱা গাখীৰ |
| মথে | - | মথন কৰা, বিলোৱা |
| আৱে | - | অহা |
| নিজ | - | নিজৰ |
| বিপতি | - | মুছিবত, সংকট |
| পিয়াসো | - | পিয়াহ লাগা |
| চিত্ৰকূট | - | বনবাসৰ সময়ত শ্ৰী ৰামচন্দ্ৰই সীতা আৰু লক্ষ্মণৰ সৈতে কিছু সময় চিত্ৰকূটত আছিল |