অধ্যায় ০২ পদ
মীৰা
চন ১৫০৩-১৫৪৬
মীৰাবাইৰ জন্ম জোধপুৰৰ চোকড়ী (কুড়কী) গাঁৱত ১৫০৩ চনত হৈছিল বুলি মানি লোৱা হয়। ১৩ বছৰ বয়সত মেৱাড়ৰ মহৰাণা সাংগাৰ কুঁৱৰ ভোজৰাজৰ সৈতে তেওঁৰ বিবাহ হৈছিল। তেওঁৰ জীৱন দুখৰ ছাঁতেই কটালে। শৈশৱতে মাকৰ মৃত্যু হৈছিল। বিবাহৰ কেইবছৰমানৰ পিছতে প্ৰথমে স্বামী, তাৰ পিছত দেউতা আৰু এখন যুদ্ধৰ সময়ত শহুৰৰো মৃত্যু হৈছিল। ভৌতিক জীৱনৰ পৰা নিৰাশ মীৰাই ঘৰ-পৰিয়াল ত্যাগ কৰিলে আৰু বৃন্দাবনত ডেৰা পাতি সম্পূৰ্ণৰূপে গিৰিধৰ গোপাল কৃষ্ণৰ প্ৰতি সমৰ্পিত হৈ পৰিল।
মধ্যকালীন ভক্তি আন্দোলনৰ আধ্যাত্মিক প্ৰেৰণাই যি কবিসকলৰ জন্ম দিছিল, তাৰ ভিতৰত মীৰাবাইৰ এক বিশেষ স্থান আছে। তেওঁৰ পদ সমগ্ৰ উত্তৰ ভাৰতৰ লগতে গুজৰাট, বিহাৰ আৰু বংগলৈকে প্ৰচলিত। মীৰা হিন্দী আৰু গুজৰাটী দুয়োটা ভাষাৰ কবয়িত্ৰী বুলি গণ্য কৰা হয়।
সন্ত ৰৈদাসৰ শিষ্যা মীৰাৰ মুঠ সাত-আঠখন কৃতিহে উপলব্ধ। মীৰাৰ ভক্তি দৈন্য আৰু মাধুৰ্য্যভাৱৰ। তেওঁৰ ওপৰত যোগী, সন্ত আৰু বৈষ্ণৱ ভক্তসকলৰ সম্মিলিত প্ৰভাৱ পৰিছে। মীৰাৰ পদৰ ভাষাত ৰাজস্থানী, ব্ৰজ আৰু গুজৰাটীৰ মিশ্ৰণ পোৱা যায়। আনহাতে পঞ্জাবী, খড়ী বোলী আৰু পূৰ্বীৰ প্ৰয়োগো পোৱা যায়।
পাঠ প্ৰৱেশ
কথিত আছে যে পাৰিবাৰিক সংতাপৰ পৰা মুক্তি পাবলৈ মীৰাই ঘৰ-দ্বাৰ এৰি বৃন্দাবনলৈ গৈ বসতি কৰিছিল আৰু কৃষ্ণময় হৈ পৰিছিল। তেওঁৰ ৰচনাসমূহত তেওঁৰ আৰাধ্য কেতিয়াবা নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম, কেতিয়াবা সগুণ সাকাৰ গোপীবল্লভ শ্ৰীকৃষ্ণ আৰু কেতিয়াবা নিৰ্মোহী পৰদেশী যোগীৰ ৰূপত কল্পিত কৰা হৈছে। তেওঁ গিৰিধৰ গোপালৰ অনন্য আৰু একনিষ্ঠ প্ৰেমৰ দ্বাৰা অভিভূত হৈ উঠিছিল।
প্ৰস্তুত পাঠত সংকলিত দুয়োটা পদ মীৰাৰ এই আৰাধ্যকে সম্বোধন কৰিছে। মীৰাই নিজৰ আৰাধ্যৰ পৰা মনুহাৰো কৰে, লাড়ো লড়ায়, তেনেকৈ অৱসৰ আহিলে উলাহনা দিয়াতো পিছপৰা নাই। তেওঁৰ ক্ষমতাসমূহৰ গুণগান, স্মৰণ কৰে, তেনেকৈ তেওঁক তেওঁৰ কৰ্তব্য সোঁৱৰাই দিয়াতো দেৰি নকৰে।
পদ
(১)
হৰি আপ হৰো জন ৰী ভীৰ।
দ্ৰোপদী ৰী লাজ ৰাখী, আপ বঢ়ায়ো চীৰ।
ভগত কাৰণ ৰূপ নৰহৰি, ধৰ্যো আপ সৰীৰ।
বূঢ়তো গজৰাজ ৰাখ্যো, কাটী কুণ্জৰ পীৰ।
দাসী মীৰাঁ লাল গিৰিধৰ, হৰো ম্হাৰী ভীৰ।।
(২)
স্যাম ম্হানে চাকৰ ৰাখো জী,
গিৰিধাৰী লালা ম্হাঁনে চাকৰ ৰাখোজী।
চাকৰ ৰহস্যূঁ বাগ লাগাস্যূঁ নিত উঠ দৰসণ পাস্যূঁ।
বিন্দৰাৱন ৰী কুঞ্জ গলী মে, গোৱিন্দ লীলা গাস্যূঁ।
চাকৰী মে দৰসণ পাস্যূঁ, সুমৰণ পাস্সূঁ খৰচী।
ভাব ভগতি জাগীৰী পাস্যূঁ, তিনূ বাতাঁ সৰসী।
মোৰ মুগট পীতাম্বৰ সৌহে, গল বৈজন্তী মালা।
বিন্দৰাৱন মে ধেনু চৰাৱে, মোহন মুৰলী ৱালা।
ঊঁচা ঊঁচা মহল বণাৱঁ বিচ বিচ ৰাখূঁ বাৰী।
সাঁৱৰিয়া ৰা দৰসণ পাস্যূঁ, পহৰ কুসুম্বী সাড়ী।
আধী ৰাত প্ৰভু দৰসণ, দীজ্যো যমনাজী ৰে তীৰাঁ।
মীৰাঁ ৰা প্ৰভু গিৰিধৰ নাগৰ, হিৱড়ো ঘণো অধীৰা॥
প্ৰশ্ন-অভ্যাস
(ক) নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়ক-
১. প্ৰথম পদত মীৰাই হৰিৰ পৰা নিজৰ পীড়া হৰণ কৰাৰ বিনতি কেনেকৈ কৰিছে?
২. দ্বিতীয় পদত মীৰাবাই স্যামৰ চাকৰী কিয় কৰিব বিচাৰে? স্পষ্ট কৰক।
৩. মীৰাবাইয়ে শ্ৰীকৃষ্ণৰ ৰূপ-সৌন্দৰ্য্যৰ বৰ্ণনা কেনেকৈ কৰিছে?
৪. মীৰাবাইৰ ভাষা শৈলীৰ ওপৰত পোহৰ পেলাওক।
৫. তেওঁ শ্ৰীকৃষ্ণক পাবলৈ কি কি কাম কৰিবলৈ প্ৰস্তুত?
(খ) নিম্নলিখিত শাৰীসমূহৰ কাব্য-সৌন্দৰ্য্য স্পষ্ট কৰক-
১. হৰি আপ হৰো জন ৰী ভীৰ।
দ্ৰোপদী ৰী লাজ ৰাখী, আপ বঢ়ায়ো চীৰ।
ভগত কাৰণ ৰূপ নৰহৰি, ধৰ্যো আপ সৰীৰ।
২. বূঢ়তো গজৰাজ ৰাখ্যো, কাটী কুণ্জৰ পীৰ।
দাসী মীৰাঁ লাল গিৰিধৰ, হৰো ম্হাৰী ভীৰ।
৩. চাকৰী মে দৰসণ পাস্যূঁ, সুমৰণ পাস্যূঁ খৰচী।
ভাব ভগতি জাগীৰী পাস্যূঁ, তিনূঁ বাতাঁ সৰসী।
ভাষা অধ্যয়ন
১. উদাহৰণৰ আধাৰত পাঠত আহা নিম্নলিখিত শব্দসমূহৰ প্ৰচলিত ৰূপ লিখক-
উদাহৰণ-ভীৰ - পীড়া / কষ্ট / দুখ; ৰী - ৰ
চীৰ ____________ বূঢ়তা ____________
ধৰ্যো ____________ লাগাস্যূঁ ____________
কুণ্জৰ ____________ ঘণা ____________
বিন্দৰাৱন ____________ সৰসী ____________
ৰহস্যূঁ ____________ হিৱড়া ____________
ৰাখো ____________ কুসুম্বী ____________
যোগ্যতা বিস্তাৰ
১. মীৰাৰ অন্যান্য পদসমূহ মনত ৰাখি শ্ৰেণীকোঠাত শুনাওক।
২. যদি আপুনি মীৰাৰ পদসমূহৰ কেছেট পাব পাৰে, তেন্তে সুযোগ পালে সেইবোৰ শুনক।
পৰিয়োজনা
১. মীৰাৰ পদসমূহৰ সংকলন কৰি সেই পদসমূহ চাৰ্টত লিখি ভিত্তি পত্ৰিকাত লগাওক।
২. আগতে আমাৰ ইয়াত দশ অৱতাৰ মানি লোৱা হৈছিল। বিষ্ণুৰ অৱতাৰ ৰাম আৰু কৃষ্ণ প্ৰধান। অন্যান্য অৱতাৰসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰি এখন চাৰ্ট বনাওক।
শব্দাৰ্থ আৰু টিপ্পনী
| বঢ়ায়ো | - বঢ়োৱা |
| গজৰাজ | - ঐৰাৱত |
| কুঞ্জৰ | - হাতী |
| পাস্যূঁ | - পোৱা |
| লীলা | - বিবিধ ৰূপ |
| সুমৰণ | - মনত ৰখা / স্মৰণ |
| জাগীৰী | - জাগীৰ / সাম্ৰাজ্য |
| পীতাম্বৰ | - হালধীয়া বস্ত্ৰ |
| বৈজন্তী | - এবিধ ফুল |
| তীৰাঁ | - কাষৰ |
| অধীৰাঁ ( অধীৰ ) | - ব্যাকুল হোৱা |
| দ্ৰোপদী ৰী লাজ ৰাখী | - দুৰ্য্যোধনৰ দ্বাৰা দ্ৰৌপদীৰ চীৰহৰণ কৰোৱাত শ্ৰীকৃষ্ণই চীৰটো বঢ়াই-বঢ়াই ইমান বঢ়াই দিলে যে দুঃশাসনৰ হাত ভাগিল |
| কাটী কুঞ্জৰ পীৰ | - কুঞ্জৰৰ কষ্ট দূৰ কৰিবলৈ মগৰমাছক মাৰিলে |