কবিতা - আমাণ্ডা
প্ৰতিটো শিশুৱেই অনুভৱ কৰে যে তাক নিয়ন্ত্ৰণ কৰা হয় আৰু এটা বা আন এটা কাম নকৰিবলৈ উপদেশ দিয়া হয়। তোমাৰো হয়তো এনে লাগিব পাৰে যে তোমাৰ স্বাধীনতাক সীমিত কৰা হৈছে। তুমি কৰিব বিচৰা কিছুমান কাম লিখা, কিন্তু তোমাৰ পিতৃ-মাতৃ/ ডাঙৰসকলে তোমাক কৰিবলৈ নিদিয়ে। কবিতাটো মাতি পঢ়িবলৈ যোৰা গঠন কৰা, প্ৰতিজনে বিকল্প স্তৱকবোৰ পঢ়ক। তোমালোক আচৰিত হ’বলৈ ওলাইছা!
তোমাৰ নখ নাখাবা, আমাণ্ডা!
তোমাৰ কান্ধবোৰ বেঁকা নকৰিবা, আমাণ্ডা!
সেই এলেহুৱা ভংগী বন্ধ কৰা আৰু থিয় হৈ বহা,
আমাণ্ডা!
(এখন এলেহুৱা, সেউজীয়া সাগৰ আছে,
য’ত একমাত্ৰ বাসিন্দা মই-
এজনী মৎস্যকন্যা, সুখেৰে উটি ফুৰোঁ।)
তুমি তোমাৰ গৃহকৰ্ম শেষ কৰিলানে, আমাণ্ডা?
তুমি তোমাৰ কোঠাটো পৰিপাটি কৰিলানে, আমাণ্ডা?
মই ভাবিছিলোঁ মই তোমাক তোমাৰ জোতা পৰিষ্কাৰ কৰিবলৈ কৈছিলোঁ,
আমাণ্ডা!
(মই এজনী অনাথ, ৰাস্তাত ঘূৰি ফুৰোঁ।
মই নিমজ ধূলি মোৰ নীৰৱ, উলংগ ভৰিৰে নক্সা কৰোঁ।
নীৰৱতা সোণালী, স্বাধীনতা মিঠা।)
সেই চকলেট নাখাবা, আমাণ্ডা!
তোমাৰ ব্রণৰ কথা মনত ৰাখা, আমাণ্ডা!
মই তোমাৰ লগত কথা পাতোঁতে মোলৈ চাবা নেকি,
আমাণ্ডা!
(মই ৰাপুনজেল, মোৰ একো চিন্তা নাই;
টাৱাৰত জীৱন শান্তিপূৰ্ণ আৰু দুৰ্লভ;
মই নিশ্চিতভাৱে কেতিয়াও মোৰ উজ্জ্বল চুলি তললৈ নামাই নিদিওঁ!)
এতিয়াই সেই খঙাল ভাব বন্ধ কৰা, আমাণ্ডা!
তুমি সদায় ইমান মনােচাঞ্চল্যপূর্ণ, আমাণ্ডা!
যিকোনোৱে ভাবিব পাৰে যে মই তোমাক খং কৰিছিলোঁ,
আমাণ্ডা!
অভিধান
languid: এলেহুৱা
drifting: লাহে লাহে গতি কৰা
pattern: নক্সা তৈয়াৰ কৰা
tranquil: শান্ত
কবিতাটোৰ বিষয়ে চিন্তা কৰা
১. আমাণ্ডাৰ বয়স কিমান বুলি তোমাৰ ভাব হয়? তুমি ইয়াক কেনেকৈ জানিলা?
২. তাইৰ লগত কোনে কথা পাতিছে বুলি তোমাৰ ভাব হয়?
৩. স্তৱক ২, ৪ আৰু ৬ কিয় বন্ধনীত দিয়া হৈছে?
৪. স্তৱক ২, ৪ আৰু ৬ ত বক্তা কোন? তুমি ভাবানে এই বক্তাজনে স্তৱক ১, ৩, ৫, আৰু ৭ ৰ বক্তাজনৰ কথা শুনি আছে?
৫. আমাণ্ডাই যদি এজনী মৎস্যকন্যা হ’লহেঁতেন তেওঁ কি কৰিব পাৰিলেহেঁতেন?
৬. আমাণ্ডা এজনী অনাথনে? তাই কিয় এনেকৈ কয়?
৭. ৰাপুনজেলৰ কাহিনীটো তোমাৰ জনা আছে নে? তাই কিয় ৰাপুনজেল হ’ব বিচাৰে?
৮. ছোৱালীজনীয়ে কি বিচাৰে? এই কবিতাটোৱে আমাণ্ডাৰ বিষয়ে তোমাক কি কয়?
৯. শেষৰ স্তৱকটো পঢ়া। তুমি ভাবানে আমাণ্ডা খং কৰি আছে আৰু মনােচাঞ্চল্যপূর্ণ?