অধ্যায় 01 গিল্লু

মহাদেৱী বৰ্মা

সোণজুহী $^{1}$ত আজ এটা হালধীয়া কলি লগা আছে। ইয়াক দেখি অনায়াসে ${ }^{2}$য়ে সেই সৰু জীৱটোৰ স্মৰণ হৈ আহিল, যিয়ে এই লতাৰ সঘন হৰিতিমা ${ }^{3}$ত লুকাই বহি থাকিছিল আৰু তাৰ পিছত মোৰ ওচৰলৈ আহি কান্ধত জঁপিয়াই মোক চমকাই দিছিল। তেতিয়া মই কলিৰ সন্ধান কৰিছিলোঁ, কিন্তু আজি সেই লঘুপ্ৰাণ ${ }^{4}$টোৰ সন্ধান।

কিন্তু সি এতিয়ালৈকে এই সোণজুহীৰ গুৰিত মাটি হৈ মিলি গ’লহেঁতেন। কোনে জানে সোণালী কলিটোৰ বাহানাত সিয়েই মোক চমকাবলৈ ওপৰলৈ আহি গ’ল নেকি!

হঠাতে এদিন পুৱা কোঠাৰ পৰা বাৰাণ্ডালৈ আহি মই দেখিলোঁ, দুটা কাউৰী এটা গমলাৰ চাৰিওফালে ঠোঁটেৰে ছুৱা-ছুৱাৱল ${ }^{5}$ যেন খেল খেলি আছে। এই কাকভুশুণ্ডিও বিচিত্ৰ চৰাই—একেলগে সমাদৰিত ${ }^{6}$ অনাদৰিত ${ }^{7}$, অতি সন্মানিত অতি অবমানিত।

আমাৰ হতভাগ্য পূৰ্বপুৰুষসকলে নো গৰুড়ৰ ৰূপত আহিব নোৱাৰে, নো ময়ুৰৰ, নো হাঁহৰ। তেওঁলোকক পিতৃপক্ষত আমাৰ পৰা কিবা পাবলৈ কাউৰী হৈয়েই অৱতীৰ্ণ ${ }^{8}$ হ’বলগীয়া হয়। ইমানেই নহয় আমাৰ দূৰৱৰ্তী প্ৰিয়জনসকলকো নিজৰ অহাৰ মধু বাৰ্তা ইহঁতৰ কৰ্কশ স্বৰতেই দিবলগীয়া হয়। আনহাতে আমি কাউৰা আৰু কাওঁ-কাওঁ কৰাক অবমাননাৰ অৰ্থতহে প্ৰয়োগ কৰোঁ।

1.জুহী (ফুল)ৰ এটা প্ৰকাৰ যাক পালন কৰা হয় 2. হঠাতে 3. সেউজীয়া 4. সৰু জীৱ 5.চুপচুপকৈ ছুই লুকাই যোৱা আৰু আকৌ ছোৱা 6. বিশেষ আদৰ 7. আদৰৰ অভাৱ, তিৰস্কাৰ 8.প্ৰকট 9. কটু, কাণত নলগা

মোৰ কাকপুৰাণৰ বিবেচনাত হঠাতে বাধা আহি পৰিল, কিয়নো গমলা আৰু দেৱালৰ সংধিত লুকাই থকা এটা সৰু জীৱৰ ওপৰত মোৰ দৃষ্টি ৰৈ গ’ল। ওচৰলৈ গৈ চালোঁ, গিলহৰীৰ সৰু বাচ্চাটো যি সম্ভৱতঃ বাহৰ পৰা পৰি গৈছে আৰু এতিয়া কাউৰীয়ে য’ত সহজ আহাৰ বিচাৰি আছে।

কাকদ্বয় ${ }^{1}$ৰ ঠোঁটৰ দুটা ঘা সেই লঘুপ্ৰাণটোৰ বাবে বহুত আছিল, গতিকে সি নিশ্চেষ্ট-যেন গমলালৈ চেপেটা খাই পৰি আছিল।

সকলোৱে ক’লে, কাউৰীৰ ঠোঁটৰ ঘা লাগাৰ পিছত এইটো ৰক্ষা পৰিব নোৱাৰে, গতিকে ইয়াক এনেদৰেই থাকিবলৈ দিয়া হওক।

কিন্তু মন মানি নগ’ল—ইয়াক হাউলিকৈ তুলি মোৰ কোঠালিলৈ আনিলোঁ, তাৰ পিছত তুলাৰে তেজ মচি ঘাবোৰত পেনিচিলিনৰ মলম লগালোঁ।

তুলাৰ পাতল বাতি গাখীৰেৰে তিয়াই যেনেকৈ-তেনেকৈ ইয়াৰ সৰু মুখত লগালোঁ কিন্তু মুখ খুলিব নোৱাৰিলে আৰু গাখীৰৰ টোপালবোৰ দুয়োফালে ঢলকি গ’ল।

কেইবা ঘণ্টাৰ চিকিৎসাৰ পিছত ইয়াৰ মুখত এটোপাল পানী টোপালিব পৰা হ’ল। তৃতীয় দিনত সি ইমান ভাল আৰু আশ্বস্ত ${ }^{3}$ হৈ গ’ল যে মোৰ আঙুলি ইয়াৰ দুটা সৰু ভৰিৰে ধৰি, নীলা কাঁচৰ মণি যেন চকুৰে ইফাল-সিফাল চাবলৈ ধৰিলে।

তিনি-চাৰি মাহত ইয়াৰ স্নিগ্ধ ${ }^{4}$ ৰোম, ঝব্বেদাৰ নেজ আৰু চঞ্চল চকচকীয়া চকুৱে সকলোকে বিস্মিত্ৰ ${ }^{5}$ কৰিবলৈ ধৰিলে।

আমি ইয়াৰ জাতিবাচক সংজ্ঞাক ব্যক্তিবাচকৰ ৰূপ দিলোঁ আৰু এইদৰে আমি ইয়াক গিল্লু বুলি মাতিবলৈ ধৰিলোঁ। মই ফুল ৰখা এটা পাতল ডালিত তুলা পাৰি ইয়াক তাঁৰেৰে খিৰিকীত ওলোমাই দিলোঁ।

সেই দুটা বছৰ গিল্লুৰ ঘৰ হৈ থাকিল। সি নিজেই লৰাই নিজৰ ঘৰত জুলি আছিল আৰু নিজৰ কাঁচৰ মণি-সদৃশ চকুৰে কোঠাৰ ভিতৰত আৰু খিৰিকীৰে বাহিৰত নাজানো কি দেখিছিল-বুজিছিল। কিন্তু ইয়াৰ বুজাবুজি আৰু কাৰ্যকলাপত সকলোৱে আচৰিত হৈছিল।

  1. দুটা কাউৰী 2. কোনো কাৰ্য নকৰাকৈ 3. নিশ্চিত 4. মিহি 5. আচৰিত

যেতিয়া মই লিখিবলৈ বহোঁ তেতিয়া মোৰ ফালে মোৰ মন আকৰ্ষণ কৰাৰ ইমান তীব্ৰ ইচ্ছা ইয়াৰ হৈছিল যে সি এটা ভাল উপায় উলিয়াই পেলালে।

সি মোৰ ভৰিলৈ আহি ছৰৰ্কৈ পৰ্দাত উঠি গৈছিল আৰু তাৰ পিছত সেই তীব্ৰতাৰে নামি আহিছিল। ইয়াৰ এই দৌৰাৰ ক্ৰম তেতিয়ালৈকে চলি থাকিছিল যেতিয়ালৈকে মই ইয়াক ধৰিবলৈ নুঠো।

কেতিয়াবা মই গিল্লুক ধৰি এটা দীঘল খামত এনেদৰে ৰাখি দিছিলোঁ যে ইয়াৰ আগৰ দুটা ভৰি আৰু মূৰৰ বাহিৰে বাকী সৰু শৰীৰ ${ }^{1}$ খামৰ ভিতৰত বন্ধ হৈ থাকিল। এই অদ্ভুত অৱস্থাত কেতিয়াবা কেতিয়াবা ঘণ্টাৰ পৰা মেজত দেৱালৰ সহায়ত থিয় হৈ সি নিজৰ চকচকীয়া চকুৰে মোৰ কাৰ্যকলাপ চাই থাকিল।

ভোক লাগিলে চিক-চিক কৰি যেন সি মোক খবৰ দিছিল আৰু কাজু বা বিস্কুট পোৱাৰ পিছত সেই অৱস্থাতে খামৰ বাহিৰৰ ভৰিৰে ধৰি ইয়াক কুটি খাইছিল।

তাৰ পিছত গিল্লুৰ জীৱনৰ প্ৰথম বসন্ত আহিল। নিম-চামেলীৰ গোন্ধ মোৰ কোঠালিত হাউলি-হাউলিকৈ আহিবলৈ ধৰিলে। বাহিৰৰ গিলহৰীবোৰ খিৰিকীৰ জালীৰ ওচৰলৈ আহি চিক-চিক কৰি নাজানো কি ক’বলৈ ধৰিলে?

গিল্লুক জালীৰ ওচৰত বহি নিজৰ দৰে বাহিৰলৈ চাই থকা দেখি মই ভাবিলোঁ যে ইয়াক মুক্ত কৰাটো আৱশ্যক।

মই খিলা উলিয়াই জালীৰ এটা কোণ খুলি দিলোঁ আৰু এই পথেৰে গিল্লুৱে বাহিৰলৈ যোৱাৰ পিছত সঁচাকৈয়ে মুক্তিৰ উশাহ ল’লে। ইমান সৰু জীৱটোক ঘৰত পোহা কুকুৰ, মেকুৰীৰ পৰা ৰক্ষা কৰাটোও এটা সমস্যাই আছিল।

আৱশ্যক কাগজ-পত্ৰৰ কাৰণে মোৰ বাহিৰলৈ যোৱাৰ পিছত কোঠা বন্ধেই থাকে। মোৰ কলেজৰ পৰা উভতি অহাৰ পিছত যেনেকৈ কোঠা খোলা হ’ল আৰু মই ভিতৰত ভৰি দিলোঁ, তেনেকৈয়ে গিল্লুৱে নিজৰ জালীৰ দুৱাৰেৰে ভিতৰলৈ আহি মোৰ ভৰিৰ পৰা মূৰলৈ আৰু মূৰৰ পৰা ভৰিলৈ দৌৰ মাৰিবলৈ ধৰিলে। তেতিয়াৰ পৰা এইটো নিত্যৰ ক্ৰম হৈ গ’ল।

  1. সৰু শৰীৰ

মোৰ কোঠাৰ পৰা বাহিৰলৈ যোৱাৰ পিছত গিল্লুৱেও খিৰিকীৰ খোলা জালীৰ পথেৰে বাহিৰলৈ গুচি গৈছিল আৰু দিনটো গিলহৰীৰ জাকৰ নেতা হৈ প্ৰতিটো ডালত জঁপিয়াই-দৌৰি থাকিছিল আৰু ঠিক চাৰি বজাত সি খিৰিকীৰে ভিতৰলৈ আহি নিজৰ জুলিত জুলিবলৈ ধৰিছিল।

মোক চমকাবৰ ইচ্ছা তাৰ ভিতৰত নাজানো কেতিয়া আৰু কেনেকৈ ওপজিছিল। কেতিয়াবা ফুলদানীৰ ফুলত লুকাই থাকিল, কেতিয়াবা পৰ্দাৰ চুনটত আৰু কেতিয়াবা সোণজুহীৰ পাতত।

মোৰ ওচৰত বহুত পশু-পক্ষী আছে আৰু সিহঁতৰ মোৰ প্ৰতি লগাও কম নহয়, কিন্তু সিহঁতৰ ভিতৰত কোনোবাই মোৰ সৈতে মোৰ থালীত খোৱাৰ সাহস কৰিছে, এনে মোৰ স্মৰণত নাহে।

গিল্লু ইহঁতৰ ভিতৰত অপৱাদ ${ }^{1}$ আছিল। মই যেনেকৈয়ে খোৱা কোঠালৈ পোৱা হওঁ, সি খিৰিকীৰে ওলাই আঙিনাৰ দেৱাল, বাৰাণ্ডা পাৰ কৰি মেজত পোৱা গৈছিল আৰু মোৰ থালীত বহি যাব বিচাৰিছিল। ডাঙৰ কষ্টেৰে মই ইয়াক থালীৰ ওচৰত বহিবলৈ শিকালোঁ য’ত বহি সি মোৰ থালীৰ পৰা এটা-এটা চাউল তুলি ডাঙৰ সাফাইয়ে খাই থাকিল। কাজু ইয়াৰ প্ৰিয় খাদ্য ${ }^{2}$ আছিল আৰু কেইবাদিনো কাজু নোপোৱাৰ পিছত সি আন খোৱা বস্তুবোৰ নোলোৱাকৈ ৰাখিছিল বা জুলিৰ পৰা তললৈ দলিয়াই দিছিল।

তাৰ মাজতে মোক মটৰ দুৰ্ঘটনাত আহত হৈ কেইবাদিন হাস্পতালত থাকিবলগীয়া হ’ল। সেই দিনবোৰত যেতিয়া মোৰ কোঠাৰ দুৱাৰ খোলা হৈছিল গিল্লুৱে নিজৰ জুলিৰ পৰা নামি দৌৰিছিল আৰু তাৰ পিছত আন কাকোবা দেখি সেই তীব্ৰতাৰে নিজৰ বাহ ${ }^{3}$ত গৈ বহিছিল। সকলোৱে ইয়াক কাজু দি আহিছিল, কিন্তু হাস্পতালৰ পৰা উভতি আহি যেতিয়া মই ইয়াৰ জুলিৰ সাফাই কৰিলোঁ তেতিয়া তাত কাজু ভৰি পোৱা গ’ল, যাৰ পৰা জনা গ’ল যে সেই দিনবোৰত সি নিজৰ প্ৰিয় খাদ্য কিমান কম খাইছিল।

মোৰ অসুস্থতাত সি তলিত মূৰৰ ওচৰত বহি নিজৰ সৰু-সৰু ভৰিৰে মোৰ মূৰ আৰু চুলিবোৰ ইমান হাউলি-হাউলিকৈ সাৱটি থাকিছিল যে ইয়াৰ আঁতৰি যোৱা এগৰাকী পৰিচাৰিকা ${ }^{4}$ৰ আঁতৰি যোৱাৰ দৰে লাগিছিল।

  1. সাধাৰণ নিয়মৰ বাধিত বা মায়াদত্ত কৰা 2. ভোজন 3. বাহ, থাকিবৰ ঠাই 4. সেৱিকা

গৰমৰ দিনত যেতিয়া মই দুপৰীয়া কাম কৰি থাকোঁ তেতিয়া গিল্লুৱে নো বাহিৰলৈ যায় নো নিজৰ জুলিত বহে। সি মোৰ ওচৰত থাকাৰ লগতে গৰমৰ পৰা ৰক্ষা পোৱাৰ এটা সম্পূৰ্ণ নতুন উপায় উলিয়াই পেলালে। সি মোৰ ওচৰত থকা চুৰাহীত পৰি থাকিল আৰু এইদৰে ওচৰতো থাকিল আৰু ঠাণ্ডাতো থাকিল।

গিলহৰীৰ জীৱনৰ সময়সীমা দুটা বছৰতকৈ বেছি নহয়, গতিকে গিল্লুৰ জীৱন যাত্ৰাৰ অন্ত আহিয়েই গ’ল। দিনটো সি একো নাখালে নো বাহিৰলৈ নগ’ল। ৰাতি অন্তৰ যন্ত্ৰণাতো সি নিজৰ জুলিৰ পৰা নামি মোৰ বিচনালৈ আহিল আৰু ঠাণ্ডা ভৰিৰে মোৰ সেই আঙুলিটো ধৰি হাতত চেপেটা খাই গ’ল, যিটো ইয়াৰ ল’ৰালি কালৰ মৰণাসন্ন ${ }^{1}$ অৱস্থাত ধৰিছিল।

ভৰিবোৰ ইমান ঠাণ্ডা হৈ গৈছিল যে মই জাগি হীটাৰ জ্বলালোঁ আৰু ইয়াক উষ্ণতা ${ }^{2}$ দিয়াৰ প্ৰয়াস কৰিলোঁ। কিন্তু প্ৰভাতৰ প্ৰথম কিৰণৰ স্পৰ্শৰ সৈতেই সি আন এটা জীৱনত জাগিবলৈ শুই গ’ল।

ইয়াৰ জুলি উলিয়াই ৰখা হৈছে আৰু খিৰিকীৰ জালী বন্ধ কৰি দিয়া হৈছে, কিন্তু গিলহৰীৰ নতুন প্ৰজন্মে জালীৰ সিপাৰে চিক-চিক কৰিয়েই থাকে আৰু সোণজুহীত বসন্ত আহিয়েই থাকে।

সোণজুহীৰ লতাৰ তলত গিল্লুক সমাধি দিয়া হৈছে—ইয়াৰ কাৰণেও যে ইয়াক সেই লতাটোৱেই সবাতোকৈ প্ৰিয় আছিল—ইয়াৰ কাৰণেও যে সেই লঘুপ্ৰাণটোৰ, কোনো বসন্তী দিনত, জুহীৰ পীতাভ ${ }^{3}$ সৰু ফুলত ফুলি যোৱাৰ বিশ্বাস, মোক সন্তোষ দিয়ে।

বোধ-প্ৰশ্ন

1. সোণজুহীত লগা হালধীয়া কলিটো দেখি লেখিকাৰ মনত কোনবোৰ ভাৱনা উথলি উঠিল?

2. পাঠৰ আধাৰত কাউৰীক একেলগে সমাদৰিত আৰু অনাদৰিত প্ৰাণী কিয় কোৱা হৈছে?

3. গিলহৰীৰ আহত বাচ্চাটোৰ চিকিৎসা কেনেকৈ কৰা হৈছিল?

  1. যাৰ মৃত্যু ওচৰ, মৃত্যুৰ ওচৰ পালেগৈ 2. গৰম 3. হালধীয়া ৰঙৰ

4. লেখিকাৰ মন আকৰ্ষণ কৰিবলৈ গিল্লুৱে কি কৰিছিল?

5. গিল্লুক মুক্ত কৰাৰ আৱশ্যকতা কিয় বুজা গ’ল আৰু তাৰ বাবে লেখিকাই কি উপায় কৰিছিল?

6. গিল্লুৱে কেনে অৰ্থত পৰিচাৰিকাৰ ভূমিকা পালন কৰি আছিল?

7. গিল্লুৰ কেনে চেষ্টাৰ পৰা এই আভাস পোৱা গৈছিল যে এতিয়া ইয়াৰ অন্ত সময় ওচৰ চাপিছে?

8. ‘প্ৰভাতৰ প্ৰথম কিৰণৰ স্পৰ্শৰ সৈতেই সি আন এটা জীৱনত জাগিবলৈ শুই গ’ল’—ৰ আশয় স্পষ্ট কৰা।

9. সোণজুহীৰ লতাৰ তলত বনোৱা গিল্লুৰ সমাধিৰ পৰা লেখিকাৰ মনত কোন বিশ্বাসৰ জন্ম হয়?