কবিতা - শেডখন

তুমি জানানে শেড মানে কি? উদাহৰণস্বৰূপে, এটা গৰুৰ শেড, সঁজুলিৰ শেড, কাঠৰ শেড। এইবোৰ হৈছে মূল ঘৰৰ পৰা আঁতৰত থকা সৰু কোঠা, য’ত বস্তু, জীৱ-জন্তু, সঁজুলি, বাহন আদি ৰখা হয়। তোমাৰ সহপাঠীজনীক/জনক সুধা, তেওঁ কেতিয়াবা শেড এখন দেখিছেনে। তেওঁক শ্ৰেণীকোঠাত ইয়াৰ বৰ্ণনা দিবলৈ দিয়া।

এতিয়া কবিতাটো পঢ়া।

আমাৰ বাগিচাৰ তলিমূৰত আছে এখন শেড দুৱাৰখনত ওলমি আছে মকৰাৰ জাল এখন, কিলাটো মামৰে ধৰা আৰু বতাহত কেৰ্কেৰায়। যেতিয়া মই শুই থাকোঁ, মই পৰি থাকোঁ আৰু শুনো, এদিন মই সেই দুৱাৰখন খুলিম।

কাষৰ ফালে আছে এটা ধুলিময়, পুৰণি খিৰিকী কাচৰ তিনিটা ফাট পৰা চকু আছে, মই সদায় ভাবোঁ কিবা এজনে মোলৈ চাই আছে যেইবাৰেই মই ইয়াৰ কাষেদি যাওঁ, এদিন মই সেই খিৰিকীৰে চুৰ্তি মাৰিম।

মোৰ দাদাই/ভাইয়ে কয় শেডখনত এটা ভূত আছে যি পচা মজিয়াখনৰ তলত লুকাই থাকে, আৰু যদি মই কেতিয়াবা ভিতৰলৈ ভৰি দিওঁ সি জাঁপ মাৰি ওলাই আহি মোৰ মূৰটো কাটি পেলাব, কিন্তু এদিন মই এবাৰ উকিয়েই চাম।

মই জানো যে তাত প্ৰকৃততে কোনো ভূত নাই, মোৰ দাদাই/ভাইয়ে নিজৰ গুপ্তস্থান হিচাপে শেডখন ৰাখিবলৈ মিছা কয়; কোনোৱেই চাই থকা বা অদ্ভুত শব্দ কৰা নাই আৰু মকৰাজনো তাৰ জালখনৰ পৰা আঁতৰি গৈছে মই নাজানো কেতিয়াৰ পৰা, অতি সোনকালে এদিন মই সেই শেডখনত সোমাম,

কিন্তু এতিয়া নহয়…

কবিতাটোৰ সৈতে কাম কৰা

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(i) কবিতাটোৰ বক্তা কোন?

(ii) তেওঁ ভয় খাইছে নে কৌতূহলী, নে দুয়োটাই?

(iii) তেওঁ সোনকালেই কি কৰিবলৈ পৰিকল্পনা কৰিছে?

(iv) “কিন্তু এতিয়া নহয়…"-এ সন্দেহ, ভয়, দ্বিধা, এলেহুৱা স্বভাৱ বা আন কিবা এটা সূচায়। তোমাৰ যিটো শব্দ শুদ্ধ যেন লাগে, সেয়া বাছি লোৱা। আনক কিয় বাছি ল’লা সেয়া ক’বা।

২। তোমাৰ ঘৰত বা চুবুৰী/অঞ্চলত এনে এটা কোঠা বা ঘৰ আছে নেকি য’ত তুমি অকলে যোৱাটো পছন্দ নকৰা, আৰু ৰাতি কেতিয়াও নাযোৱা? যদি এনে ঠাই আৰু তাৰ লগত জড়িত কাহিনী থাকে, তেন্তে আনক সেই বিষয়ে শুনোৱা।